Happy Rongali Bihu 2025
Assamese New Year
"অতিকৈ চেনেহৰ মুগাৰে মহুৰা অ তাতোকৈ চেনেহৰ ঐ মাকো ,
তাতোকৈ চেনেহৰ অ বহাগৰ বিহুটি ঐ নাপাতি কেনেকৈ থাকো"
Happy Rongali Bihu 2025
Assamese New Year
"অতিকৈ চেনেহৰ মুগাৰে মহুৰা অ তাতোকৈ চেনেহৰ ঐ মাকো ,
তাতোকৈ চেনেহৰ অ বহাগৰ বিহুটি ঐ নাপাতি কেনেকৈ থাকো"
গৰু বিহু
“ লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু। ”
এনে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। গা ধুওৱাৰ পাছত গৰুবোৰক মুকলিকৈ পথাৰত চৰিবলৈ এৰি দিয়া হয় আৰু চাটত থকা অৱশিষ্ট লাউ-বেঙেনাৰে চাটবিলাক আনৰ লগত সলনাসলনি কৰি ঘৰলৈ আনি ঘৰ বা গোহালিৰ চালত গুজি থোৱা হয়। চাটত ৰৈ যোৱা বস্তু দুই-এটুকুৰা চোবাই খোৱা হয়। চাটবিলাক আনৰ লগত সলনি কৰিলে অপায়-অমঙ্গল দূৰ হয় আৰু চাটৰ বস্তু খালে বেমাৰ আজাৰ নহয় বুলি বিশ্বাস কৰা হয়। গধূলি গৰু ঘৰলৈ ঘূৰি অহাৰ সময়ত পদূলিৰ পৰা গোহালিলৈকে খেৰ, তুঁহ, দীঘলতি, মাখিয়তী, বিহলঙনী আৰু অন্যান্য বন-পাত জ্বলাই ‘যাগ’ দিয়া হয়।
মানুহ বিহু
গৰু বিহুৰ পাছদিনা মানুহ বিহু। নামনি অসমত সেইদিনাৰ বিহুক ‘বৰ দোমাহী’ বোলা হয়। পহিলা ব’হাগ বা মানুহ বিহুৰ দিনা পুৱা মাহ-হালধিৰে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৰ উপহাৰ দিয়ে। নতুন বছৰ উপলক্ষে অসমীয়া সমাজত আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰৰ আদান-প্ৰদান হয়। এনে উপহাৰকে ‘বিহুৱান’ বোলে।
গোসাঁই বিহু
নাঙলৰ বিহু
সাত বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু হিচাপে আজিৰ দিনটোত সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈ ৷ এই দিনটোত কৃষি প্ৰধান ৰাইজে নিজৰ অসমীয়া জাতিৰ পৰম্পৰা ৰক্ষা কৰি নাঙলৰ বিহু পালন কৰে ৷
উল্লেখ কৰা প্ৰয়োজন যে, নাঙল বিহুৰ তাৎপৰ্য হ'ল ব'হাগ বিহুৰ ৰং-ৰহইচৰ অন্তত পথাৰ উপচোৱা বৰষুণজাকৰ সৈতে খেতিৰ বাবে পথাৰত নমাৰ পূৰ্বে কৃষিকাৰ্যত ব্যৱহাৰ হোৱা সা-সজুঁলিসমূহৰ ওচৰত চাকি বন্তি জ্বলাই বছৰটোৰ সমৃদ্ধি কামনা কৰে৷ নাঙল, যুঁৱলি, জাপি, মৈ আদি কৃষিকৰ্মৰ লগত জড়িত সজুঁলি সমূহৰ
ওচৰত চাকি-ধূপ জ্বলাই সেৱা জনাই সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় নাঙলৰ বিহু।
জীয়ৰী বিহু" বা "চেনেহী বিহু"
চেৰা বিহু
সাত বিহুৰ শেষৰ দিনা ‘চেৰা বিহু’। কিছুমানে ইয়াক “এৰা” বিহু বুলিও কয়। এয়ে ব’হাগৰ “সাতবিহু”।
চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লৈ এইদৰে গোৱা হয়- “ নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক; ন-ভাতে পুৰণি ভাতে জীণ যাওক। ” এনেদৰে বিচনীৰে জুৰ ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয়।
অবিভক্ত গোৱালপাৰা জিলাৰ কোনো কোনো ঠাইত বিহুক ‘বিষুৱা’ বোলে। উজনি অসমৰ পৰা নামনিলৈ গৰু বিহুৰ পৰা ব’হাগৰ ছয় তাৰিখলৈকে সাতদিন সাতবিহু পালন কৰাৰ দৰে কোচ-ৰাজবংশী লোকসকলে গৰু বিহুৰ পৰা সাতদিনলৈকে ‘সাত বিষুৱা’ পালন কৰে।
সেইদিনা উজনি অসমত কোনো কোনোৱে হাঁচতি আগবঢ়াই বৰগছৰ গুৰিত বিহু উৰাই আহে৷ সেইদিনা উজনি-নামনি উভয়তে সাতশাকী খোৱাৰ নিয়ম আছে৷ সেই নিয়ম আজিও প্ৰচলিত হৈ আছে৷ কমলাবাৰী সত্ৰৰ বাবে চেৰা বিহুৰ এক বিশেষ গুৰুত্ব আছে৷ সাত বিহুৰ দিনা মহাপুৰুষ মাধৱদেৱে বদলা আতাক ধৰ্মাধিকাৰ পাতি তাল-মালা আগবঢ়াই উজনিলৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ আদেশ দিছিল৷ গুৰুজনাৰ আদেশ শিৰত লৈ আতাই পিছ দিনাই উজনিলৈ যাত্ৰা কৰিছিল৷
